কোনো নেতাৰ বিজেপিত যোগদানে সকলো ভোটাৰৰ যোগদানক নুবুজায়: ৰকিবুল হুছেইন - হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail
কোনো নেতাৰ বিজেপিত যোগদানে সমষ্টিৰ সকলো ভোটাৰৰ যোগদানক নুবুজায়- ৰকিবুল হুছেইন (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 10:14 PM IST

1 Min Read
Choose ETV Bharat

চামগুৰি, 28 ফেব্ৰুৱাৰী : "কোনো নেতাৰ বিজেপিত যোগদানে সমষ্টিৰ সকলো ভোটাৰৰ যোগদানক নুবুজায়  ৷ মুখ্যমন্ত্ৰীয়ে জনা উচিত যে যদি কোনোবা বিধায়ক বা মই বিজেপিলৈ যাঁও তেতিয়া এইটো নুবুজায় যে সমষ্টিৰ সকলো মানুহে বিজেপিত যোগদান কৰিছে । ৰাইজ আমাৰ লগত আছে ৷ এনেকুৱা ঘাট-প্ৰতিঘাত থাকেই ৷ নিষ্ঠাবান কৰ্মীয়ে দলৰ কাম কৰি গৈ থাকিব ৷" বুধবাৰে নিজৰ গৃহসমষ্টি চামগুৰিত উপস্থিত হৈ কংগ্ৰেছ নেতাৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । 

শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ কংগ্ৰেছ ত্যাগ সন্দৰ্ভতো বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে মন্তব্য প্ৰকাশ কৰে ৷  হুছেইনে লগতে কয় যে, বিজেপিত এতিয়া পুৰণি বিজেপি নেতাৰ স্থান নাই ৷ অণুবীক্ষণ যন্ত্ৰ লৈ বিচাৰিলেও প্ৰকৃত বিজেপিৰ লোকক  বিচাৰি পোৱা নাযাব । কংগ্ৰেছী বিজেপি নেতাৰ উৎপাতত নিষ্ঠাৰে বিজেপি কৰা লোকক বিচাৰি নোপোৱা হৈছে । এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত সোঁৱে বাঁৱে বহি একাংশ বিজেপি নেতাক কংগ্ৰেছলৈ
লৈ অনা হৈছিল যাৰ বাবে এতিয়া কংগ্ৰেছৰ এই দশা হৈছে বুলি মত প্ৰকাশ কৰে হুছেইনে ৷

লগতে পঢ়ক: প্ৰদ্যুৎ বৰদলৈয়েও এৰিব নেকি কংগ্ৰেছ ! হ’ব নেকি বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details