ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদক সম্বৰ্ধনা - MP Mission Ranjan Das - BIKE RALLY IN KARIMGANJ

🎬 Watch Now: Feature Video

thumbnail
গৃহ চহৰত সম্বৰ্ধনা সাংসদক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 31, 2024 at 9:48 PM IST

1 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, ৩১ আগষ্ট: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসক শনিবাৰে কৰিমগঞ্জত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আজি কৰিমগঞ্জ চহৰত এক উৎসৱমুখৰ পৰিবেশৰ মাজত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনাই দলীয় নেতা-কৰ্মীসকলে । ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি গৃহ জিলাৰ চহৰত পদাৰ্পন কৰে মিছন ৰঞ্জন দাসে ।  

নৱ-নিৰ্বাচিত সাংসদগৰাকীক বাইক ৰেলী আৰু গায়ন-বায়নেৰে সমদল কৰি লৈ অনা হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহলৈ । এই সম্বৰ্ধনা গ্ৰহণ কৰি মিছন ৰঞ্জন দাসে ভাষণ প্ৰসংগত বৰাকত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দলৰ প্ৰতিগৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰে । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ৪ বাৰৰ বিধায়ক হোৱা মিছন ৰঞ্জন দাসে ভৱিষ্য়তেও প্ৰতিগৰাকী দলীয় নেতা-কৰ্মীৰ পৰা সহযোগিতা কামনা কৰে ।

লগতে পঢ়ক:ৰাজ্যসভা: মিছন ৰঞ্জন দাসৰ প্ৰাৰ্থিত্ব লাভত কৰিমগঞ্জত আনন্দ-উল্লাস - Rajya Sabha election 2024

ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাস - RAJYA SABHA ELECTION 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details