কাৰ্বি আংলংত বৰষুণৰ পানীয়ে উটুৱাই নিলে ফ'ৰলেন ,বন্ধ যাতায়াত - Storm In Karbi Anglong - FLOOD IN KARBI ANGLONG

🎬 Watch Now: Feature Video

thumbnail
কাৰ্বি আংলংত প্ৰবল বৃষ্টিপাত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:52 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ১৮ আগষ্ট : কাৰ্বি আংলংত দেওবাৰে বিয়লি তিনিঘণ্টা ধৰি প্ৰবল বৃষ্টিপাত হোৱাত স্তব্ধ হৈ পৰে জনজীৱন । জিলাখনৰ ঠায়ে ঠায়ে হয় ধুমুহা ৷ এই বৃষ্টিপাতৰ ফলত জিলাখনৰ বিভিন্ন এলেকা কিছুসময়ৰ বাবে প্লাবিত হৈ পৰে ৷ ইয়াৰ মাজতে ডবকা-ডিমাপুৰৰ মাজত নিৰ্মাণ চলি থকা ফ'ৰলেন পথৰ এছোৱা পানীয়ে উটুৱাই নিয়ে ৷ বৰষুণৰ প্ৰৱল্য অধিক হোৱা বাবে পাহাৰৰ পৰা পানীৰ ঢল নামি আহি মানজা-বকলীয়াৰ মাজৰ লাংপাৰপাঙত পথটোৰ কিছু অংশ চিঙি নিয়ে ৷

উল্লেখ্য় যে লাংপাৰপাং এলেকাত যি স্থানত পথটো বৰষুণৰ পানীয়ে চিঙি নিলে সেই স্থানতেই নিৰ্মাণ হৈ আছিল পকী দলং ৷ সেয়ে এছোৱা পথ বন্ধ থকাৰ বিপৰীতে আনছোৱা পথেৰে যাতায়াত চলি আছিল ৷ কিন্তু খনবামন পাহাৰৰ পৰা নামি অহা পানীয়ে পথছোৱা উটুৱাই নিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত বন্ধ হৈ পৰে  ৷  

ডিফুলৈ অহা আৰু ডিফুৰ পৰা গুৱাহাটী অভিমুখে যোৱা গাড়ীসমূহ তাৰালাংচ’ হৈ যাবলৈ দিয়া হৈছে  ৷ সন্ধিয়ালৈ পথটো কিছু মেৰামতি কৰি লঘু বাহন অহা-যোৱা কৰিব পৰা কৰিছে যদিও লঘু বাহনসমূহো ঠেলি ঠেলিহে পাৰ কৰিব লগা হৈছে  ৷ গধুৰ বাহনৰ চলাচল আজি নিশা বন্ধ হৈ থাকিব ৷ কাইলৈ পথটো মেৰামতি কৰাৰ পিছতহে যাতায়ত সুচল হ’ব ৷  

লগতে পঢ়ক:এজাক বৰষুণতেই খহিল শিলচৰ-কুম্ভীৰগ্ৰাম বিমানকোঠ সংযোগী পথ - Silchar Airport VIP road damage

ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details