কচুতলীত পুনৰ বেদখলৰ চেষ্টা উচ্ছেদিত লোকৰ: কেইবাটাও বাসগৃহত বিদ্যুৎ সংযোগ - ATTEMPT TO ENCROACH IN KOCHUTALI

🎬 Watch Now: Feature Video

thumbnail
কচুতলিত উচ্ছেদিত লোকৰ পুনৰ বেদখলৰ চেষ্টা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 9, 2024 at 10:08 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ কচুতলীৰ লগতে ডিমৰীয়া অঞ্চলৰ ৬ খন পঞ্চায়তত বসবাস কৰা সন্দেহজনক লোকসকলক অতিশীঘ্ৰে উচ্ছেদ কৰাৰ দাবীত শনিবাৰে গোমৰীয়া গাঁৱত ডিমৰীয়াৰ দল-সংগঠনসমূহৰ উদ্যোগত এক ৰাইজমেলৰ আয়োজন কৰা হয় । কচুতলীত উচ্ছেদিত লোকসকলৰ একাংশ পুনৰ উক্ত স্থানলৈ উভতি আহি অবৈধভাবে বসবাস কৰিবলৈ চেষ্টা কৰিছে । এইসকলে চৰকাৰী ভূমি বেদখল কৰি ঘৰ সজাৰ চেষ্টা অব্যাহত ৰাখিছে ।  

বহু লোকে দাঁতিকাষৰীয়া কপালকাটা, হাটখোলা, এলেঙা, বালিগেট আদি এলেকাত ভাৰাঘৰত থাকি প্ৰতিদিনে সেই ভূমিসমূহত গৰু,মহ, ছাগলী পুহি বেদখল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে ১০ জন সন্দেহজনক লোকে বিদ্যুৎ বিভাগত পুনৰ বিদ্যুৎ সংযোগৰ বাবে আবেদন জনোৱাত ডিমৰীয়াৰ সম-জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াৰ নিৰ্দেশত যোৱা ৫ নৱেম্বৰত কেইবাটাও বাসগৃহত বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে ।  

ইতিমধ্যে এই সন্দৰ্ভত জিলা আয়ুক্তক অভিযোগ দাখিল কৰাত ঘটনা সন্দৰ্ভত তদন্ত যোষণা কৰা হৈছে আৰু বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিছে । আজিৰ ৰাইজমেলত অতিশীঘ্ৰে ডিমৰীয়াৰ বাকী থকা এলেকাত উচ্ছেদ চলাবলৈ আহ্বান জনাই খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় ।

আজিৰ সভাই কচুতলীৰ লোকসকলক খেতি-বাতিকে ধৰি কোনো ধৰণৰ কামকাজত নিয়োগ নকৰিবলৈ ৰাজহুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰে । সমগ্ৰ ঘটনাৰ সৈতে জড়িত মাটিৰ দালাল আৰু ভূ-মাফিয়াসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় । সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেণ ইংতি, যুৱ নেতা দিব্যজ্যোতি মেধি, কাৰ্বি ছাত্র সন্থাৰ সম্পাদক কৌশিক ৰংপি, আন্তঃডিমৰীয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ভাৰ্গৱজ্যোতি গোস্বামী, স্থানীয় নেতা গুণা টেৰণ, ৰাজেন্দ্ৰ কুমাই, পুলিন ৰংপি, অমিল কাঠাৰ, বাবুল কুমাই, সোণেশ্বৰ ৰংপি আদিয়ে বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক:কোনে অনিষ্ট সাধিলে কচুতলীৰ কালী পূজাত ?

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা লক্ষ্মী পূজাক লৈ উখল-মাখল কচুতলী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details