ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ - Poor Road Condition - POOR ROAD CONDITION
🎬 Watch Now: Feature Video

Published : June 28, 2024 at 4:41 PM IST
শিৱসাগৰ, 28 জুন : শিৱসাগৰত বি জি ৰোড অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ ৷ শিৱসাগৰ-নাজিৰা সংযোগী ভূবন চন্দ্ৰ গগৈ পথটো অতি লেহেমীয়া গতিত আৰু বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰি থকাত স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ কৰি আহিছে ৷ ফলত শুকুৰবাৰে স্থানীয় ৰাইজে এই সমস্যাৰ সমাধান বিচাৰি পথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
শিৱা হৰলালকা নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে পথটো বিসংগতিমূলকভাৱে আৰু লেহেমীয়া গতিত নিৰ্মাণ কৰি থকাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ ৰাইজে জনোৱা অনুসৰি 121 কোটি টকা ব্যয় সাপেক্ষে 18 কিলোমিটাৰ বি জি ৰোড পুনৰ নিৰ্মাণৰ বাবে নিবিদা লাভ কৰিছিল শিৱা হৰলালকাৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ৷ বিগত মাৰ্চ মাহতে পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিছিল যদিও এই পৰ্যন্ত মাত্ৰ 14 শতাংশ কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ বাবে আজি অতিষ্ঠ হৈ পথ অৱৰোধ কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : শামুকীয়া গতিত চলিছে ধেমাজি-ঢকুৱাখনা সংযোগী দুইলেনযুক্ত পথ নিৰ্মাণৰ কাম - Asom mala project