বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ - Power Supply Disrupt - DHUBRI

🎬 Watch Now: Feature Video

thumbnail
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 27, 2024 at 9:00 PM IST

1 Min Read
Choose ETV Bharat

বিলাসীপাৰা, ২৭ জুলাই : উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে । এনে সময়ত বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়ববীয়াৰ মইমতালিত অতিষ্ঠ হৈ গ্ৰাহক ৰাইজে বিভাগটোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । বিদ্যুৎ যোগান অনিয়মীয়া হোৱাত চিৰাকুটা বজাৰত শনিবাৰে শ শ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।  

ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনৰ চিৰাকুটাৰ বৃহত্তৰ অঞ্চলটোত ঘন্টাৰ পিচত ঘন্টা ধৰি বিদ্যুৎ কৰ্তন কৰি আহিছে । শনিবাৰে ৰাইজ বজাৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ' শক্তি মন্ত্ৰী মুৰ্দাবাদ ', 'শক্তি মন্ত্ৰী পদত্যাগ কৰক','বিদ্যুৎ নিয়মীয়াকৈ যোগান ধৰক' আদি শ্লোগান দিয়ে ।

এই সন্দৰ্ভত এজন গ্ৰাহকে ক্ষোভ প্ৰকাশ কৰি কয়," বিজেপি চৰকাৰে ২৪ ঘন্টাই বিদ্য়ুৎ যোগান ধৰিব বুলি কৈছিল যদিও এতিয়া এঘন্টাও নাথাকে । বিজেপি চৰকাৰে মিছা মাতি ৰাইজক জলা-কলা খুৱাইছে । বিভাগীয় মন্ত্ৰী যে এই দায়িত্বত আছে তেওঁ গমেই নাপায় ।"

লগতে পঢ়ক:নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত মমবাতি লৈ প্ৰতিবাদ - Load Shedding In Assam

অনিয়মীয়া বিদ্যুৎ যোগানে জলা-কলা খুৱাইছে নামতিবাসীক - Power Supply Disrupt

হঠাৎ অন্ধকাৰে গ্ৰাস কৰিলে উজনি অসম; মুখ্যমন্ত্ৰীৰ ওচৰ পালেহি অভিযোগ; তাৰ পিচত... - Power supply disrupt in Upper Assam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details