নলা বন্ধ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া - Guwahati Municiapal Corporation - GUWAHATI MUNICIAPAL CORPORATION

🎬 Watch Now: Feature Video

thumbnail
ৰাইজৰ ৰোষত পৰিল গুৱাহাটী পৌৰ নিগমৰ বিষয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 10:49 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 জুলাই : মহানগৰীৰ বশিষ্ঠ বালুঘাটত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া ৷ গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীয়ে বালুঘাটৰ এটা নলা বস্তা দি বন্ধ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে স্থানীয় লোক ৷

উল্লেখ্য যে অসমৰ লগতে অসমৰ সীমামূৰীয়া মেঘালয়ত বৰষুণ হ’লে পাহাৰৰ পৰা যথেষ্ট পৰিমাণে পানী বাগৰি আহে ৷ এইদৰে বাগৰি অহা পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা নলাৰে বৈ যায় বাহিনী নৈলৈ ৷ কিন্তু বিগত কিছুদিন পূৰ্বে নলাসমূহ বন্ধ কৰি দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত হৈছিল এককাঁল পানী ৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পাটৰকুছি, কলিতা বস্তিৰ লগতে বশিষ্ঠৰ কেইবাটাও অঞ্চল বুৰ গৈছিল পানীত ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সমগ্ৰ ঘটনা জানিব পাৰি নলাসমুহ মুকলি কৰি দিয়ে ৷

আজি বিয়লিৰ ভাগত পুনৰ গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী আহি নলাটো বন্ধ কৰিবলৈ লওঁতে সৃষ্টি হয় উতপ্ত পৰিস্থিতিৰ ৷ আনহাতে ঘটনাস্থলীত উপস্থিত থকা পৌৰ নিগমৰ বিষয়াৰ মতে DDMA ৰ নিৰ্দেশ মতে বন্ধ কৰি দিয়া হৈছে নলাটো ৷ এই নলাটো বন্ধ নকৰিলে মহানগৰীৰ মাজমজিয়াত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ কিন্তু মহানগৰৰ একাংশ কৃত্ৰিম বানপ্ৰৱণ এলেকাৰ বান ৰোধ কৰিবলৈ গৈ বশিষ্ঠ পাটৰকুছিবাসীক বিপদত পেলাইছে গুৱাহাটী পৌৰ নিগমে ৷ এতিয়া স্থানীয় লোকে এই সমস্যাৰ এটা স্থায়ী সমাধান বিচাৰিছে ৷ 

লগতে পঢ়ক : ভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street Vendors In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details