ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে : গৌৰৱ গগৈ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
গৌৰৱ গগৈ (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 8:08 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ, 23 এপ্ৰিল : শিলচৰত আজি এক বিশাল ৰোড শ্ব'ত ভাগ লয় লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷ আজি দুপৰীয়া গুৱাহাটীৰ পৰা বিমানযোগে শিলচৰ বিমানবন্দৰত উপস্থিত হৈ শিলচৰত এই  ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰ্য্যকান্ত সৰকাৰৰ হৈ প্ৰচাৰ চলায় গৌৰৱ গগৈয়ে । শিলচৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ৰ পৰা কংগ্ৰেছৰ এই বিশাল ৰোড শ্ব' আৰম্ভ হৈ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি ৰাঙিৰখাৰি পইন্টত সমাপ্ত হয় । প্ৰায় দুই কিলোমিটাৰজোৰা গৌৰৱ গগৈৰ এই বিশাল এই ৰোড শ্ব'ক কেন্দ্ৰ কৰি জনসমুদ্ৰত পৰিণত হয় সমগ্ৰ শিলচৰ চহৰ । 

ৰোড শ্ব’টোৰ সময়ত গৌৰৱ গগৈক উদ্দেশ্যি পথৰ দুয়োকাষে থিয় হৈ থকা লোকসকলে ফুল ছটিওৱা দেখা যায় । পিচত সংবাদমাধ্যমক গৌৰৱ গগৈয়ে কয় যে, তৃণমূল কংগ্ৰেছে অসমত সময় নষ্ট কৰি আছে । পশ্চিম বংগত সময় দিব লাগে তৃণমূল কংগ্ৰেছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ তেওঁ কয় যে, বিজেপিয়ে 5 খন আসন দাবী কৰি আছে যদিও ৰাইজৰ আশীৰ্বাদ বিৰোধীৰ লগত আছে । ৰাইজে এতিয়া বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি বুজি পাইছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে দিনে দিনে বিৰোধীৰ আসন বৃদ্ধি পাইছে । বৰাকত কংগ্ৰেছৰ স্থিতি বহুত ভাল বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ভ্ৰষ্টাচাৰী ব্যক্তি : অখিল গগৈ - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details