কৰ্কট ৰোগৰ অত্যাধুনিক চিকিৎসা প্ৰ'টন বীম থেৰাপি প্ৰচলনৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ - Assam Cancer Treatment

🎬 Watch Now: Feature Video

thumbnail
বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত পেট চিটি ব্যৱস্থা উদ্বোধন (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 8:50 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 2 মাৰ্চ : কৰ্কট ৰোগৰ অত্যাধুনিক চিকিৎসা পদ্ধতি প্ৰ'টন বীম থেৰাপি প্ৰচলনৰ বাবে চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ৷ নিৰ্বাচনৰ পিচতে ৰাজ্য চৰকাৰে এই বিষয়ত কাম-কাজ আৰম্ভ কৰিব ৷ শনিবাৰে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত পেট চিটি ব্যৱস্থা উদ্বোধন কৰি প্ৰ'টন বীম থেৰাপিৰ বিষয়ে চিন্তা-চৰ্চা কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

তেওঁ কয় যে, কেন্সাৰ কেয়াৰৰ ক্ষেত্ৰত ৰাজ্যত পৰৱৰ্তী লক্ষ্য হ'ল প্ৰ'টন বীম থেৰাপি ৷ প্ৰ'টন বীম থেৰাপি অসমলৈ আনিব পাৰিলে বহু ৰোগীক জীৱন দান কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অহা 3-4 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত 250 কোটি টকা বিনিয়োগ কৰা হ'ব ৷ ইয়াৰ দ্বাৰা শিশু সকলৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বহু কাম কৰিব পৰা যাব বুলি মন্তব্য কৰে তেওঁ ৷ লগতে তেওঁ শীঘ্ৰেই বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ 4 টাকৈ লেনিয়াৰ এক্সেলেটৰ অনা হ’ব বুলিও সদৰী কৰে ৷

উল্লেখ্য যে শনিবাৰে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত PET-CT সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 13.15 কোটি টকা ব্য‌য় সাপেক্ষে প্ৰতিষ্ঠা কৰা এই PET-CT সেৱাৰ জৰিয়তে প্ৰতি বছৰে 1500-2000 ৰোগীয়ে উপকৃত হ’ব ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক ৷

লগতে পঢ়ক : ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details