কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবীত উত্তাল চচল - Demanding tribalisation - DEMANDING TRIBALISATION
🎬 Watch Now: Feature Video

Published : August 10, 2024 at 10:17 PM IST
গুৱাহাটী,১০ আগষ্ট: কোচ ৰাজবংশীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমখনক সংৰক্ষিত ৰাজ্যৰ মৰ্যাদা দিয়াৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত শনিবাৰে মহানগৰীৰ চচলত সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনীৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ কেৱল অবিভক্ত গোৱালপাৰাক জনজাতিকৰণ দিয়াৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বিৰোধিতা কৰে ।
চৰকাৰে পৃথক পৃথক নকৰি সমগ্ৰ অসমৰ সমূহ কোচ ৰাজবংশী লোকক জনজাতিকৰণৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে । কোচ ৰাজবংশী নাগৰিক সন্মিলনে ৰাজনৈতিক মেৰপেচৰ পৰা আঁতৰি আহি উন্নয়ন পৰিষদখন নতুনকৈ গঠন কৰা,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি কৰি ছেটেলাইট পদ্ধতিৰে অসমৰ সমূহ কোচ ৰাজবংশীক সামৰি লোৱা,গুৱাহাটীৰ মাজমজিয়াত পুনৰ চিলাৰায় ভৱন নিৰ্মানৰ দাবী উত্থাপন কৰে ।