মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ - Proposed luxury hotels in Kaziranga - PROPOSED LUXURY HOTELS IN KAZIRANGA
🎬 Watch Now: Feature Video

Published : August 2, 2024 at 8:33 AM IST
তিনিচুকীয়া, 2 আগষ্ট : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তিনিচুকীয়া জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকৰ ভূমিত অসম চৰকাৰৰ পৰ্যটন বিভাগে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যক বিৰোধিতা জনাই প্ৰতিবাদ কৰিবলৈ যোৱা আটছাৰ বিষয়ববীয়াক আৰক্ষীয়ে লাঠিচালনা কৰি আঘাতপ্ৰাপ্ত কৰা আৰু বোকাখাট হাটিখুলি চাহ বাগিচাৰ মাটি পঞ্চ তাৰকা হোটেল নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিবলৈ ওলোৱা বিষয়টোক তীব্ৰ প্ৰতিবাদ জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷
তিনিচুকীয়াৰ থানা চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি আটছাৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুদাৰ্বাদ, চাহ শ্ৰমিকৰ ওপৰত অত্যাচাৰ নচলিব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।
শাসকীয় চৰকাৰখনক সকীয়নি প্ৰদান কৰি প্ৰতিবাদকাৰীয়ে কয়, "বিগত দিনসমূহত বিজেপি দলটোৱে চাহ জনগোষ্ঠীৰ ভোটেৰে শাসন ক্ষমতা লাভ কৰিছিল ৷ কিন্তু এতিয়া চাহ জনগোষ্ঠীৰ সমস্যা সমাধানৰ প্ৰতি পিঠি দিছে ৷ এই কাৰ্য কেতিয়াও সহ্য কৰা নহ’ব ৷ অনাগত দিনত বিজেপি দলটোক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ।"