কৃত্ৰিম বানত ব্যাহত মহানগৰবাসীৰ জীৱন : ৰাজপথলৈ ওলাই আহিল আবাল-বৃদ্ধ-বণিতা - Protest in Guwahati - PROTEST IN GUWAHATI
🎬 Watch Now: Feature Video

Published : July 10, 2024 at 3:45 PM IST
গুৱাহাটী, 10 জুলাই: গুৱাহাটীৰ কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসীক ৷ যাৰ বাবে আবাল-বৃদ্ধ-বণিতা ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে তথাকথিত স্মাৰ্টচিটীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৷ বুধবাৰে গুৱাহাটী মহানগৰীৰ ৰুক্মিণীগাওঁৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ ৰুক্মিণীগাঁৱৰ স্থানীয় ৰাইজৰ উদ্যোগত উলিওৱা প্ৰতিবাদী সমদলটোত হাতে হাতে প্লে’ কাৰ্ড লৈ ৰাইজে ‘PWD হায় হায়,’ ‘মডেল ৱাৰ্ডৰ সপোন হায় হায়,’ ‘ভুৱা প্ৰতিশ্ৰুতি বাদ দিয়ক’, ‘আমাক কৃত্ৰিম বানপানীৰ ক্ষতিপূৰণ দিয়ক,’ ’অসম চৰকাৰ হায় হায়’ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
এই প্ৰতিবাদী মিছিলত এগৰাকী বৃদ্ধই ক্ষোভ উজাৰি সমগ্ৰ জীৱনতেই এনে পৰিস্থিতিৰ তেওঁ মুখামুখি হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে কৰে ৷ শীঘ্ৰে এই কৃত্ৰিম বানৰ সমস্যাৰ সমাধান দাবী কৰি বৃদ্ধগৰাকীয়ে কয়,"নদীখন নাখান্দি নলাবোৰ বনোৱাৰ ফলত ৰুক্মিণীগাঁৱৰ আজি এই অৱস্থা ৷ ঘৰৰ ভিতৰতেই ইমান পানী যে আমি কি খাম, ক’ত থাকিম ভাবি নিৰুপায় হৈ পৰিছো ৷ খোৱা-লোৱাৰ কথা ভবা বাদেই দিছো আমাৰ ভৰি থ’বলৈ ঠাই অকণ নোহোৱা হৈছে ঘৰৰ ভিতৰত ৷ পানী সিঁচি সিঁচি আমি ভাগৰি পৰিছো...৷"