ছয়গাঁৱত চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ - Protest in Chaygaon - AASU

🎬 Watch Now: Feature Video

thumbnail
ছয়গাঁৱত চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 11:02 PM IST

1 Min Read
Choose ETV Bharat

মিৰ্জা, ১৮ আগষ্ট : এইবাৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে ৰাইজে জনালে প্ৰতিবাদ । কোনো কাৰণতেই চিমেণ্ট কাৰখানা হ'বলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ । দেওবাৰে দক্ষিণ কামৰূপৰ ছয়গাঁৱত চিমেণ্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে ৰাইজে আয়োজন কৰিলে প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী ৷ চৌধুৰীখাত, কাৱৈমাৰী, দক্ষিণ বাংকাকাটা, বেলগুৰি, ধোৱাৰগাঁও, লাট ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত ছয়গাঁও পান্টান সাততালুক পৰগণা সভাগৃহত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

উক্ত সভাতেই অঞ্চলটোৰ ৫২ খন ৰাজহ গাঁৱৰ পুৰুষ মহিলাই চিমেণ্ট কাৰখানা স্থাপনৰ বিৰোধিতা কৰে । কৃষিপ্ৰধান অঞ্চলত কোনো কাৰণতে চিমেণ্ট উদ্যোগ স্থাপন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে । ৰাজপথ বন্ধ কৰি তেজ দি হ'লেও চিমেণ্ট কাৰখানা স্থাপনত বাধা প্ৰদান কৰিব প্ৰতিবাদী জনতাই । চিমেণ্ট কাৰখানাৰ বাবে বহিৰাগত বনিয়াক ভূমি হস্তান্তৰ কৰা স্থানীয় মাটিৰ দালালসকলক সকীয়াই দিয়ে ৰাইজে । প্ৰতিবাদী সভাত ছয়গাঁও ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিষয়া, বহুতো দল সংগঠনকে ধৰি অঞ্চলটোৰ বহু সংখ্যক ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ’ব জাতিংগা মহোৎসৱ: ঘোষণা দেৱলাল গাৰ্লোচাৰ - Jatinga Festival 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details