ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকৰ
🎬 Watch Now: Feature Video

Published : March 1, 2024 at 3:19 PM IST
মৰাণ, 1 মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰকাশ পোৱাৰ পথত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ৷ ইয়াৰ মাজতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী তথা বৰ্তমানৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিকল্প হিচাপে চাহ জনগোষ্ঠীয় নেতা অশোক কুমাৰ উৰাঙৰ প্ৰাৰ্থিত্বৰ দাবীত ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত শ শ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷
চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিটোত চাহ জনগোষ্ঠীৰ বাদে আন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিক বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীক চূড়ান্ত ব্যৰ্থ আৰু অকৰ্মণ্য আখ্যা দিয়ে চাহ শ্ৰমিক সকলে ৷ চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিফল হোৱা বুলিও উল্লেখ কৰে তেওঁলোকে ৷ ইফালে বিগত দুটাকৈ কাৰ্যকালৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে কোনোধৰণৰ উন্নয়নমূলক কাম নকৰিল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিক সকলে ৷
লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে KMSS আৰু SMSS ৰ প্ৰতিবাদ