জাঁজীমুখত ডাম্পাৰ নিয়ন্ত্ৰণৰ দাবীত ওলাই আহিল ৰাইজ - AASU protest in Teok
🎬 Watch Now: Feature Video

Published : February 20, 2024 at 2:19 PM IST
টীয়ক, ২০ ফেব্ৰুৱাৰী : টীয়কৰ জাঁজীমুখ মুদৈজান সংযোগী পথত নিতৌ শ শ ডাম্পাৰে মাটি পলস কঢ়িয়াই দিনে নিশাই ৰাইজক যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰি আহিছে । সময়ে সময়ে অঞ্চলটোৰ একাংশ সচেতন লোকে এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট বন বিভাগক দাবী জনাই আহিছে যদিও বিভাগটোৱে এইসমূহ ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।
অৱশ্যে কালি উক্ত পথত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আজি বনবিভাগ তথা প্ৰশাসন সষ্টম হয় । সেয়ে ৰাইজে মঙলবাৰে এইদৰে ওলাই আহি ডাম্পাৰৰ দৌৰাত্ম্য তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বিশেষকৈ টীয়ক আঞ্চলিক ছাত্র সন্থাই এই ক্ষেত্ৰত জিলা আয়ুক্তক বিগত সময়চোৱাত অৱগত কৰিছিল যদিও এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে আজি জাঁজীমুখৰ মূল পথত প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।