চালকক হত্যাৰ প্ৰতিবাদ : ৩ দিনৰ ভিতৰত দাবী পূৰণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ - Assam Driver Murder In Arunachal - DEMAND FOR ARREST OF ACCUSED

🎬 Watch Now: Feature Video

thumbnail
ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 6, 2024 at 9:49 AM IST

1 Min Read
Choose ETV Bharat

জোনাই, ৬ ছেপ্টেম্বৰ : অসমৰ ট্ৰাক চালকক অৰুণাচলত হত্যা কৰা ঘটনাৰ উত্তেজনা অব্যাহত সীমান্তৰ মাদুৰিপথাৰ অঞ্চলত । যেৱা ২২ আগষ্টত অৰুণাচললৈ ইটা কঢ়িয়াই নিয়া ট্ৰাকৰ চালক সঞ্জয় নাথক ডোপৰিজু নামৰ ঠাইৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰি সোঁৱণশিৰি নৈৰ বালিচৰত পুতি থৈছিল । আৰক্ষীৰ অভিযানত সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাচতেই উদ্ধাৰ কৰা হয় অসমৰ ট্ৰাক চালক সঞ্জয় নাথৰ মৃতদেহ । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসম-অৰুণাচলৰ সীমামূৰীয়া মাদুৰিপথাৰত ।

যোৱা বুধবাৰে বিয়লি অসম-অৰুণাচলৰ ট্ৰাক চালক সন্থাৰ বৈঠকৰ পাচতেই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সঞ্জয় নাথক হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি বিহাৰ লগতে মূল অভিযুক্ত টাবু দনিকক ফাঁচি দিয়াৰ বাবে দাবী জনোৱা হয় । লগতে চালক সঞ্জয় নাথৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা, এটা চৰকাৰী চাকৰি দিবলৈও দাবী জনাই দুয়োখন ৰাজ্যৰ ট্ৰাক চালক সন্থাই ।

তিনিদিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে অৰুণাচলৰ পৰা অসমত ট্ৰাক প্ৰৱেশ কৰা প্ৰতিখন গেটৰ সন্মুখত অৰ্থনৈতিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে দল-সংগঠনে ।

লগতে পঢ়ক:অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি - Assam driver killed in Arunachal

চাঞ্চল্যকৰ হত্যাকাণ্ড: দুই বন্ধুৱে হত্যা কৰিলে নেকি বিশালক ? - Moran murder case

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details