5 জুলাইত শুভমুক্তি ‘ইমন’ৰ : তিনিচুকীয়াত বুধবাৰে উপস্থিত হ’ল কলা-কুশলী - New Assamese Movie - NEW ASSAMESE MOVIE

🎬 Watch Now: Feature Video

thumbnail
তিনিচুকীয়াত নতুন অসমীয়া ছবি ইমনৰ প্ৰচাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 10:37 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ১৯ জুন : ইমন ফিল্ম ক্ৰিয়েছনৰ বেনাৰত বিপুল চন্দ্ৰ দাস আৰু ইতি দাস গগৈৰ প্ৰযোজনাৰে শুভমুক্তি লাভ কৰিব নতুন অসমীয়া ছবি  ‘ইমন’এ ৷ ৫ জুলাইত শুভমুক্তি লাভ কৰিবলগীয়া ছবিখন প্ৰচাৰ অভিযান ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে ৷

বুধবাৰে ইমনৰ প্ৰচাৰ চলাবলৈ তিনিচুকীয়াৰ TDA মাৰ্কেটত উপস্থিত হয় ছবিখনৰ শিল্পীসকল ৷ ছবিখনত চৰিত্ৰ  ৰূপায়ন কৰা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, দেৱজিৎ মজুমদাৰ, প্ৰতিভা চৌধুৰীকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী উপস্থিত হয় তিনিচুকীয়াত ৷ উল্লেখ্য যে ৰাজ্যৰ বহুকেইগৰাকী ন-পুৰণি অভিনেতাই চৰিত্ৰ ৰূপায়ন কৰা ছবিখন  অসমৰ লগতে দেশৰ বহুকেইটা ছবিগৃহত একেলগে মুক্তিলাভ কৰিব ৷ অসীম বৈশ্যৰ পৰিচালনাৰ ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছে ইমনৰ কলা-কুশলীসকলে ।

উল্লেখ্য যে, বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ জৰিয়তে কেকে-মোহন হিচাপে জনপ্ৰিয়তা লাভ কৰা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটক একেলগে দেখা যাব ‘ইমন’ত ৷

লগতে পঢ়ক: জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details