মৰিগাঁৱত ইমনৰ প্ৰচাৰ, সমূহ মৰিগাঁওবাসীক ইমন চাবলৈ অনুৰোধ কলা-কুশলীৰ - New Assamese Movie - PROMOTION OF UPCOMING ASSAMESE FILM

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁৱত ইমনৰ প্ৰচাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 30, 2024 at 7:30 AM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও,৩০ জুন : অহা ৫ জুলাইত ছবিগৃহলৈ আহিব ইমন ফিল্ম ক্ৰিয়েছনৰ বেনাৰত বিপুল চন্দ্ৰ দাস আৰু ইতি দাস গগৈৰ প্ৰযোজনাৰে নতুন অসমীয়া ছবি ‘ইমন’ । ইতিমধ্যে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে কলা-কুশলীসকল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই শনিবাৰে ইমনৰ পৰিয়াল উপস্থিত হয় মৰিগাঁৱত ।

সিদ্ধাৰ্থ শৰ্মা ফেন ক্লাৱ অসমৰ উদ্যোগত আৰু মৰিগাঁও বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় ইমনৰ প্ৰচাৰ অনুষ্ঠান ৷ ইমনৰ প্ৰচাৰ চলাবলৈ মৰিগাঁৱত উপস্থিত হয় কেকে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, মোহন খ্যাত দ্বীপজ্যোতি কেওট, জ্যেষ্ঠ অভিনেত্ৰী প্ৰতিভা চৌধুৰীকে আদি কৰি ভালেসংখ্যক কলা-কুশলী ।

ছবিখনত সিদ্ধাৰ্থ শৰ্মাৰ লগতে অভিয় কৰিছে স্নিগ্ধা গগৈ, দেৱজিৎ মজুমদাৰকে আদি কৰি বহু প্ৰতিভাসম্পন্ন অভিনেতা অভিনেত্ৰীয়ে । মৰিগাঁৱত উপস্থিত হৈ অসীম বৈশ্যৰ পৰিচালনাৰ ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছে ইমনৰ কলা-কুশলীসকলে ।

লগতে পঢ়ক: 5 জুলাইত শুভমুক্তি ‘ইমন’ৰ : তিনিচুকীয়াত বুধবাৰে উপস্থিত হ’ল কলা-কুশলী - New Assamese Movie

জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত - bidurbhai release date

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details