অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰথমবাৰলৈ ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ LIVE - PRIME MINISTER NARENDRA MODI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 12, 2025 at 8:09 PM IST

Updated : May 12, 2025 at 8:23 PM IST

1 Min Read
পাক সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেশ্যন সেন্দূৰৰ পিছত প্ৰথমবাৰলৈ ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ পহলগামত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছত সম্পূৰ্ণ সুনিৰ্দিষ্ট পৰিকল্পনাৰে ভাৰতে আৰম্ভ কৰিছিল অপাৰেশ্যন সেন্দূৰ ৷ মাত্ৰ ২৫ মিনিটৰ ভিতৰতে সুদক্ষ ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰত আঘাত হানি ছাৰখাৰ কৰি পেলাইছিল সন্ত্ৰাসবাদীৰ নটাকৈ শিবিৰ ৷ কেৱল শিবিৰ ধ্বংস কৰাই নহয়, শতাধিক সন্ত্ৰাসবাদীক নিধন কৰিবলৈও সক্ষম হৈছিল ভাৰতীয় সেনা ৷ প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনাৰ সৈতে আলোচনাত বহি পৰৱৰ্তী ৰণকৌশল নিৰ্ণয় কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷ ভাৰতৰ এটা কথা স্পষ্ট আছিল যে এয়া কোনো দেশৰ বিৰুদ্ধে যুদ্ধ নহয়, এই যুদ্ধ সন্ত্ৰাবাদৰ বিৰুদ্ধে ৷ সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা পাকিস্তানে ভাৰতৰ ওপৰত চলোৱা প্ৰতিটো আক্ৰমণৰ চেষ্টাকেই অপাৰেশ্যন সেন্দূৰত বীৰদৰ্পে প্ৰতিহত কৰিছিল ভাৰতীয় সেনাই ৷
Last Updated : May 12, 2025 at 8:23 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.