মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল Live - CM HIMANTA BISWA SARMA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : May 13, 2025 at 2:49 PM IST

Updated : May 13, 2025 at 3:49 PM IST

1 Min Read
বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'ত আজি অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰে ৷ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী শৰ্মাই এই সংবাদমেল আয়োজন কৰা বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ চলিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাত এইবাৰ বিজেপি দলে আশাপ্ৰদ সফলতা লাভ কৰে ৷ এই ফলাফলক লৈ ইতিমধ্যে সোমবাৰে সংবাদ মাধ্যমৰ আগত সন্তোষ ব্যক্ত কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়, “বিধানসভাত ইয়াতকৈ ভাল হ’ব ৷ কিয়নো পঞ্চায়ত হ’ল গাঁও ৷ নগৰত পৰম্পৰাগতভাৱে বিজেপি শক্তিশালী; কিন্তু গাঁৱৰ ৰিজাল্টৰ লগত চহৰৰ ৰিজাল্টটো যোগ হৈ যাব তেতিয়া এই ৰিজাল্টটো বেছি ভাল হৈ যাব । লোকসভা নিৰ্বাচনত বিজেপিয়ে যোৰহাট, শিলচৰ ডিব্ৰুগড় আদি নগৰত ভাল ফলাফল লাভ কৰিছে । গতিকে পঞ্চায়তৰ গ্ৰাম্য ভোটৰ লগত নগৰৰ ভোট যোগ হ’লে ভাল ফলাফল হ’ব ৷”
Last Updated : May 13, 2025 at 3:49 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.