ওড়িশাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ : সাক্ষী হ’ব ৰথযাত্ৰাৰ - Droupadi Murmu - দ্ৰৌপদী মুৰ্মূ

🎬 Watch Now: Feature Video

thumbnail
ওড়িশাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 6, 2024 at 10:07 PM IST

1 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৬ জুলাই : ৪ দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ওড়িশাত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ ।  ৰাজ্যপাল ৰঘুবৰ দাস আৰু মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ৰাষ্ট্ৰপতিগাৰীকক বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায় ।

‘উৎকলামণি’ পণ্ডিত গোপাবন্ধু দাসৰ ৯৬ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এক কাৰ্যসূচীত শনিবাৰে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইয়াৰ পিচতে ৰাষ্ট্ৰপতি মুৰ্মূ ৭ জুলাইত পুৰীৰ ৰথযাত্ৰাৰ সাক্ষী হ’ব ৷ ৮ জুলাইত পুৰীৰ পৰা উভতি তেওঁ খাণ্ডাগিৰি-উদয়গিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰিব ৷

তাৰ পিচদিনা তেওঁ বিভূতি কানুংগো কলা আৰু কাৰুশিল্প মহাবিদ্যালয়ৰ লগতে উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰিব ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে ভূৱনেশ্বৰৰ ওচৰৰ হৰিদামাদা গাঁৱত ব্ৰহ্ম কুমাৰীসকলৰ ডিভাইন ৰিট্ৰিট চেণ্টাৰো উদ্বোধন কৰিব ৷ ৰাষ্ট্ৰপতি মুৰ্মূৱে ৯ জুলাইত ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : সাধাৰণ ভক্তৰ দৰেই পুৰীৰ ৰথযাত্ৰাত অংশ ল’ব ৰাষ্ট্ৰপতি মুৰ্মূৱে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details