নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি, ৰাসলৈ আহিব ৰাম-সীতা - RAAS MAHOTSAV IN NALBARI

🎬 Watch Now: Feature Video

thumbnail
ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 9, 2024 at 10:44 AM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : শৰতৰ জোৎস্না প্লাৱিত পূৰ্ণিমা নিশাৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চল প্ৰসিদ্ধ নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰিমন্দিৰত ৰাস মহোৎসৱক লৈ চলিছে ব্যাপক প্ৰস্তুতি । অহা ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯১ সংখ্যক শ্ৰীশ্ৰী ৰাস মহোৎসৱ ।

তেৰদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱ এইবেলি উদ্বোধন কৰিব টেলিভিছনৰ বহুল সমাদৃত হিন্দী ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা দুই শিল্পী অৰুণ গোভিল আৰু দীপিকা চিখলীয়াই । আৰু ৰামায়ণ ধাৰাবাহিকতে অভিনয় কৰা সোতৰ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব "ৰাস মধুৰম"শীৰ্ষক এক মনোমোহা অনুষ্ঠান ।

উল্লেখ্য যে, মৃণ্ময়মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসত বিগত দুবছৰৰ লেখীয়াকৈ এইবাৰো সমাহাৰ ঘটিব পুতলা ৰাস আৰু জীৱন্ত ৰাসৰ । ইয়াৰোপৰি নলবাৰীৰ ৰাস মহোৎসৱত প্ৰতিবাৰৰ দৰে এইবাৰো চলিব ভ্ৰাম্যমাণ থিয়েটাৰ অঘোষিত মহাৰণ । ৰাজ্যৰ আগশাৰীৰ দহটাকৈ ভ্ৰাম্যমাণ নাট্যদল অৱতীৰ্ণ হ'ব এই মহাৰণত ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট উপভোগ কৰিব বিচৰা দৰ্শকসকলে অনলাইনযোগে বুকিং কৰিব পাৰিব নিজৰ টিকট । পোন প্ৰথমবাৰৰ বাবে কৰা হৈছে এই ব্যৱস্থা । ৰাস মহোৎসৱত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব শ্ৰীকৃষ্ণৰ নৌকা বিহাৰ, আইফেল টাৱাৰ, ইণ্ডিয়া গেট । লগতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা গ্ৰন্থমেলা, বাণিজ্য মেলা আদি থাকিব নলবাৰীৰ ৰাস মহোৎসৱত ।

প্ৰতিদিনে লক্ষাধিক ভক্তৰে উথপথপ পৰিৱেশ বিৰাজ কৰিব লগা নলবাৰীৰ ৰাস মহোৎসৱৰ শান্তি-শৃংখলাৰ দিশটো চোৱা-চিতাৰ দায়িত্বত নিয়োজিত থাকিব হাজাৰোধিক স্বেচ্ছাসেৱক আৰু একেলগে পাঁচ হাজাৰ লোকে বহিব পৰা বিশাল পেণ্ডেল । মুঠতে ৰাসলৈ আৰু মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত এতিয়া হৰি মন্দিৰ চৌহদত চলিছে ব্যাপক প্ৰস্তুতি ।

লগতে পঢ়ক : ৰাসৰ আখৰাত ব্যস্ত মাজুলীয়াল

লগতে পঢ়ক :ৰাসলৈ বেছি দিন নাই; মুখা তৈয়াৰত ব্যস্ত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পীসকল

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details