ধেমাজিত স্বাস্থ্য সেৱা উৎসৱ ৩.০ৰ প্ৰস্তুতি - SWASTHYA SEWA UTSAV IN DHEMAJI
🎬 Watch Now: Feature Video

Published : November 30, 2024 at 2:21 PM IST
ধেমাজি : ধেমাজি জিলা অহা ৩-৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ‘‘স্বাস্থ্য সেৱা উৎসৱ ৩.০’’ । তাৰ বাবে জিলা স্বাস্থ্য বিভাগে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোঁহায়ে কেতবোৰ মন্তব্য কৰে ৷
তেওঁ কয়, “জিলাখনত অহা ৩-৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগা স্বাস্থ্য সেৱা উৎসৱত জিলাখনৰ এখন অসামৰিক চিকিৎসালয়, পাঁচখন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ২২ খন প্রাথমিক স্বাস্থ্য কেন্দ্র, ৫ টা আয়ুষ্মান আৰোগ্য মন্দিৰসহ সৰ্বমুঠ ৩৩ টা স্বাস্থ্য কেন্দ্ৰ সামৰি লোৱা হৈছে ৷ জনস্বাস্থ্য সেৱাক শক্তিশালী কৰাৰ উদ্দেশ্যে জিলাখনত পাঁচটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ক্ৰমে বেঙেনাগড়াত ৪টা, ধেমাজিত ৬টা, গোগামুখত ৬টা, জোনাইত ৮টা আৰু চিচিবৰগাঁৱত ৮টা আৰু জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱ ৩.০ ৰ মূল্যাংয়ন কৰা হ'ব ।’’
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় জনস্বাস্থ্য মান গ্রেড অনুসৰি বিভিন্ন পৰিমাপত চিহ্নিত কৰা হ'ব । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ১১ জনকৈ সৰ্বমুঠ ২২গৰাকী ৰাজ্যিক পৰ্যায় আৰু জিলা পৰ্যায়ৰ প্ৰশাসনিক বিষয়া, স্বাস্থ্য বিষয়াই এই মূল্যায়ন কৰিব । সংবাদমেলত জ্যেষ্ঠ চিকিৎসক ডাঃ যোগেন দাস, ডাঃ ভি কে দেউৰী, ডি এম ই ডঃ অচ্যুত গগৈ উপস্থিত থাকে ৷