ছাত্ৰৰ হাতত নিহত শিক্ষক ৰাজেশ বাবুৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন - TEACHER STABBED TO DEATH - সাই বিকাশ একাডেমীত শিক্ষক হত্যা

🎬 Watch Now: Feature Video

thumbnail
শোকাকূল শিক্ষাৰ্থী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2024 at 3:52 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, 7 জুন: শিৱসাগৰৰ ছাই বিকাশ একাডেমীৰ প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক এজন উদণ্ড ছাত্ৰই চুৰিকাঘাত কৰি প্ৰাণ লোৱা ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । দেওবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত শোকাকুল পৰিৱেশৰ মাজতে ৰাজেশ বাবুৰ নশ্বৰদেহত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে জ্ঞাপন কৰে অন্তিম শ্ৰদ্ধাঞ্জলি ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে শিক্ষানুষ্ঠানখনৰ বিষয়ববীয়াসকলে শিক্ষকগৰাকীৰ মৃতদেহটো বহিঃৰাজ্যস্থিত স্ব-গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে । উল্লেখযোগ্য যে, শনিবাৰে ৰাজেশ বাবুৰ পৰিবাৰ আৰু দুই সন্তান অন্ধ্ৰপ্ৰদেশৰ নিজা ঘৰলৈ যাত্ৰা কৰিছিল । স্বামীৰ মৃত্যু সন্দৰ্ভত এতিয়াও প্ৰকৃত সত্য জনোৱাৰ পৰা আঁতৰত আছে পৰিয়ালবৰ্গ ৷ ৰাজেশ বাবুৰ মৃতদেহটো দেওবাৰে গুৱাহাটীস্থিত ছাই বিকাশ একাডেমীৰ এগৰাকী প্ৰশাসনিক কৰ্মচাৰীয়ে চমজি লয় ।

বিদ্যালয় কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি, দেওবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৰাজেশ বাবুৰ নিজ বাসগৃহলৈ লৈ মৃতদেহটো নিয়াৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details