পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাইছে ৰাইজক: কাণসাৰ নাই বিধায়কৰ - বিধায়ক সুৰেন ফুকন

🎬 Watch Now: Feature Video

thumbnail
বাট-পথৰ দুৰৱস্থা (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 10:50 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বাট-পথৰ দুৰৱস্থাই সাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে । মাৰ্ঘেৰিটা সমষ্টিৰ অধীনৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপথাৰত বাট-পথৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ খাটিখোৱা ৰাইজে ।

কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপথাৰ গাঁৱৰ মূল পথছোৱা একেবাৰে জৰাজীৰ্ণ তথা বিধ্বস্ত হৈ পৰিছে । পথৰ মাজত সৃষ্টি হোৱা গাঁত বোকা পানীৰে ভৰি পৰিছে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰুগীয়া ব্যক্তিসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বছৰ-বছৰ ধৰি গাঁওবাসী ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে । যাৰ বাবে একাংশ পুৰুষ-মহিলাই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

গাঁওবাসীয়ে বিধায়ক গৰাকীক বহু আবেদন-নিবেদন কৰাৰ পাচতো এই পথছোৱাৰ মেৰামতি তথা পুনৰ নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে । ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণত এই গাঁওখন নতুনকৈ ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ পৰা আশা কৰিছে গাঁওবাসীয়ে । অতি শীঘ্ৰেই এই পথ নিৰ্মাণ তথা মেৰামতি কৰি দিবলৈ এইবাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details