বৰপেটাৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক: বেছিভাগ সময়ে থাকে পানীৰ তলত - Assam Public Works Department - FLASH FLOOD

🎬 Watch Now: Feature Video

thumbnail
বৰপেটাৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 30, 2024 at 7:29 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা, ৩০ জুলাই : বৰপেটাত বছৰৰ প্ৰায় সাত-আঠ মাহ সময়ে পানীৰ তলত বুৰ গৈ থাকে লোক নিৰ্মাণ বিভাগৰ এটা পকী পথ । বৰপেটা চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগৰ ঢাকালিয়াপাৰা গাঁৱৰ এই পথটো মাহৰ পিচত মাহ ধৰি বুৰ গৈ থাকে কৃত্ৰিম বানত ৷  

সৰভোগৰ পৰা বৰপেটা চহৰ সংযোগী তথা ঢাকালিয়াপাৰা অঞ্চলৰ ৬ খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথটোৰে যাতায়াতৰ নামত পথচাৰীয়ে ভোগ কৰিবলগা হৈছে যমৰ যাতনা ৷ বিশেষকৈ পকী পথটোৰ দুয়োপাৰে একাংশ লোকে বৃহৎ বৃহৎ পুখুৰী খান্দি পাৰবোৰ ওখ কৰি দিয়াৰ লগতে প্ৰাকৃতিকভাৱে পানী ওলাই যোৱা নলাটো বেদখলকাৰীৰ কবলত পৰাৰত মাহৰ পিচত মাহ ধৰি বৰষুণৰ পানী আবদ্ধ হৈ থাকে পথটোৰ ওপৰত ।

পথটোত সৃষ্টি হোৱা এনে কৃত্ৰিম বানৰ ফলত ৬ খন গাঁৱৰ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি আহিছে ৷ জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আব্দুল ৰহিম আহমেদক ৰাইজে সমস্যাটোৰ সমাধানৰ দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ । আনকি স্থানীয় বিধায়কে সমস্যাৰ বুজ ল'বলৈও এবাৰো অহা নাই বুলি অভিযোগ কৰে গাঁওবাসীয়ে  ৷ ৰাইজে অচিৰেই পথটো সুচল কৰাৰ দাবী জনাইছে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত ৷

লগতে পঢ়ক :পথ নিৰ্মাণৰ দাবীত মাণিকপুৰত ক্ষোভিত লোকৰ প্ৰতিবাদ - Protest for Road construction
লগতে পঢ়ক :তীব্ৰ সংকটত স'ৰাগুৰি চাপৰিৰ ৫০০ পৰিয়াল - Ajan Peer Dargah

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details