লাচিত মৈদামত উদুলি-মুদুলি পৰিৱেশ - Statue Of Lachit Borphukan

🎬 Watch Now: Feature Video

thumbnail
লাচিত মৈদামত উদুলি-মুদুলি পৰিৱেশ (undefined)

By ETV Bharat Assamese Team

Published : March 9, 2024 at 1:35 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, ৯ মাৰ্চ : উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত । কিয়নো কিছু সময়ৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি । যাক লৈ ব্যাপক প্ৰস্তুতি চলাইছে হোলোঙাপাৰৰ ৰাইজে । লাচিত প্ৰকল্পৰ অন্যতম আকৰ্ষণ বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্ত্তিৰ শুভ উন্মোচন কৰাক লৈ উৎফুল্লিত অঞ্চলটোৰ ৰাইজ ।  

ইফালে বীৰজনালৈ আগবঢ়োৱা এই স্বীকৃতিক লৈ আবেগিক হৈ পৰিছে যোৰহাটবাসী ৰাইজ । আনহাতে প্ৰশাসনে জনোৱা অনুসৰি প্ৰায় এমাহৰ ভিতৰতে স্থানীয় ৰাইজ তথা পৰ্যটকৰ বাবে এই প্ৰকল্প মুকলি কৰি দিয়া হ'ব । উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে বীৰজনাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছতে মেলেং মেটেলি পথাৰত আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰিব । 

লগতে পঢ়ক : আজি প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিব লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details