সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী: খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী মোদী LIVE - PM NARENDRA MODI

🎬 Watch Now: Feature Video

thumbnail
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ANI)

By ETV Bharat Assamese Team

Published : September 13, 2025 at 6:19 PM IST

|

Updated : September 13, 2025 at 7:33 PM IST

1 Min Read
Choose ETV Bharat
গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসমীয়া জাতিৰ হৃদস্পন্দন, গণশিল্পী, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ বিশেষ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উক্ত অনুষ্ঠানত ১২০০ ৰো অধিক শিল্পীয়ে ১৮ মিনিটতকৈয়ো অধিক সময় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১৪ টা গীতৰ কলি একেলগে গাই ব্যতিক্ৰমী অনুষ্ঠান পৰিৱেশন কৰে । এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ এখন জীৱনী গ্ৰন্থ উদ্বোধন কৰা হয় । এই গ্ৰন্থ ভাৰতৰ সংবিধানত স্বীকৃত সকলো ভাষাতে প্ৰকাশিত হ’ব । ইয়াৰ উপৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সন্মানাৰ্থে তেখেতৰ প্ৰতিচ্ছবিৰ সৈতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰি উলিওৱা ১০০ টকীয়া মুদ্ৰাটো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা প্ৰথমে মিজোৰামৰ ৰাজধানী আইজলত আৰু তাৰ পাছত মণিপুৰৰ চুৰচান্দপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ পাছত গুৱাহাটীত উপস্থিত হয় ।

Last Updated : September 13, 2025 at 7:33 PM IST

ABOUT THE AUTHOR

...view details