টীয়কত ৫ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন পীযুষ হাজৰীকাৰ - Lok Sabha Election 2024

🎬 Watch Now: Feature Video

thumbnail
টীয়কত ৫ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন পীযুষ হাজৰীকাৰ (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 7:43 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক,৬ মাৰ্চ: চেনীজান উচ্চ মাধ্যমিক বিদ্যালয়, চেনীআমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মেলেং প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়, ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ বিদ্যালয়ৰ গৃহৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন অনুষ্ঠানটি বুধবাৰে চেনীজান উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ আটাইকেইখন বিদ্যালয়ৰ আদৰ্শ গৃহৰ শুভ উদ্বোধন কৰে ।  

উক্ত অনুষ্ঠানত যোৰহাট জিলা উন্নয়ন আয়ুক্ত প্ৰনৱ কুমাৰ বৰা, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অগপৰ কেন্দ্ৰীয় সম্পাদক বিকাশ শইকীয়া, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে বহুকেইখন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । লগতে অনাগত দিনত আৰু কেইবাখনো ঐতিহাসিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি মত প্ৰকাশ কৰি বিদ্যালয়ৰ এই উন্নয়নে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অধিক আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।  

লগতে পঢ়ক: মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details