শিলচৰত একেলগে চাৰি ঠাইত জল বিস্ফোৰণ - PWD

🎬 Watch Now: Feature Video

thumbnail
শিলচৰ চহৰত ভয়ংকৰ জল বিস্ফোৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 19, 2025 at 4:21 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ: ভয়ংকৰ জল বিস্ফোৰণ হোৱাৰ পিছতেই কৃত্ৰিম বানত বুৰিল শিলচৰ চহৰ । চহৰখনত একেলগে চাৰি ঠাইত শনিবাৰে সংঘটিত হৈছে জল বিস্ফোৰণৰ ঘটনা । চহৰখনৰ চাৰিটা স্থানত একেলগে জলজীৱন মিছনৰ পাইপ ফুটি এই জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । শিলচৰৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড, পাৰ্ক ৰোডত এই জল বিষ্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।  

হঠাতে হোৱা জল বিস্ফোৰণৰ ফলত জলমগ্ন হৈ পৰে ৰাজপথ । ফলত চহৰখনত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "জলজীৱন মিছনৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে । চহৰখনৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড,পাৰ্ক ৰোডত পানীৰ পাইপ ফাটি যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।" 

লগতে পঢ়ক:খাৰঘূলিৰ জল বিস্ফোৰণ : ৪ টা পৰিয়াললৈ ১.২০ লাখ টকাকৈ ক্ষতিপূৰণ - PIPELINE BURSTS IN KHARGHULI

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details