শিলচৰত একেলগে চাৰি ঠাইত জল বিস্ফোৰণ - PIPELINE BURSTS IN SILCHAR
🎬 Watch Now: Feature Video


Published : April 19, 2025 at 4:21 PM IST
শিলচৰ: ভয়ংকৰ জল বিস্ফোৰণ হোৱাৰ পিছতেই কৃত্ৰিম বানত বুৰিল শিলচৰ চহৰ । চহৰখনত একেলগে চাৰি ঠাইত শনিবাৰে সংঘটিত হৈছে জল বিস্ফোৰণৰ ঘটনা । চহৰখনৰ চাৰিটা স্থানত একেলগে জলজীৱন মিছনৰ পাইপ ফুটি এই জল বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । শিলচৰৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড, পাৰ্ক ৰোডত এই জল বিষ্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
হঠাতে হোৱা জল বিস্ফোৰণৰ ফলত জলমগ্ন হৈ পৰে ৰাজপথ । ফলত চহৰখনত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "জলজীৱন মিছনৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে । চহৰখনৰ ইণ্ডিয়া ক্লাব, ট্ৰাংক ৰোড, পি ডব্লিউ ডি ৰোড,পাৰ্ক ৰোডত পানীৰ পাইপ ফাটি যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।"