বৰপেটাৰোডৰ ডাষ্টবিনত উদ্ধাৰ ময়ূৰ চৰাইৰ মৃতদেহ - Barpeta Road Railway Police

🎬 Watch Now: Feature Video

thumbnail
ময়ূৰ চৰাইৰ মৃতদেহ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 4:57 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বৰপেটাৰোডৰ ডাষ্টবিনত মঙলবাৰে এটি ময়ূৰ চৰাইৰ মৃতদেহ উদ্ধাৰ হয় ৷ জিলাখনৰ বৰপেটাৰোডৰ মূৰী বজাৰত থকা এটা ডাষ্টবিনত ময়ূৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰি জাৱৰ বোটলা এজন লোকে বৰপেটাৰোডৰ ৰে'ল লাইনৰ কাষেৰে কঢ়িয়াই লৈ গৈ আছিল ৷ সেই সময়তে বৰপেটাৰোডৰ ৰে'ল আৰক্ষীয়ে প্ৰত্যক্ষ এই লোকজনক কৰায়ত্ত কৰে ৷ লোকজনক ৰে'ল আৰক্ষীয়ে সোধাপোছা কৰাত লোকজন মানসিক ভাৰসাম্য়হীন বুলি নিশ্চিত হয় ৷  

পাচত বৰপেটাৰোড ৰে'ল আৰক্ষীয়ে বৰপেটাৰোডৰ মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ত খবৰ দিয়াত বন বিভাগৰ লোকে মৃতদেহটো লৈ যায় । এই চৰাইটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হ'ব পাৰে বুলিও প্ৰকৃতিপ্ৰেমীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰকৃতিপ্ৰেমী লোকসকলে এইবিধ চৰাইৰ সংৰক্ষণৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক:ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবাধে চলিছে আহ-যাহ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details