ৰূপজ্যোতি কুৰ্মীৰ কণ্ঠত ইটোৰ পিচত সিটো দেশপ্ৰেমমূলক গীত : বিধায়কগৰাকীৰ কণ্ঠত মুগ্ধ অজস্ৰজন - MLA Rupjyoti Kurmi - MLA RUPJYOTI KURMI

🎬 Watch Now: Feature Video

thumbnail
ৰূপজ্যোতি কুৰ্মীৰ কণ্ঠত দেশপ্ৰেমমূলক গীত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 13, 2024 at 10:24 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, ১৩ আগষ্ট : মঙলবাৰে যোৰহাটত গায়কৰ ৰূপত দেখা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ হাতত মাইক্ৰ’ফোন লৈ মঞ্চত বিধায়ক কুৰ্মীৰ কণ্ঠৰে নিগৰিল ইটোৰ পিচত সিটো জনপ্ৰিয় দেশপ্ৰেমমূলক গীত ৷ বিধায়কগৰাকীৰ কণ্ঠৰে নিগৰা গীত উপভোগ কৰিলে উপস্থিত জনতাই ৷

উল্লেখ্য যে মঙলবাৰে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰেক্ষাগৃহতো ত্ৰিৰংগা সংগীতানুষ্ঠানৰ এক কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশপ্ৰেমমূলক গীতত কন্ঠদান কৰাৰ লগতে নৃত্য পৰিৱেশন কৰে ৷ ইয়াকে দেখি মৰিয়নী সমষ্টিৰ বিধায়কে নিজকে চম্ভালিব নোৱাৰিলে ৷

নিজৰ আসন পৰা উঠি আহি মঞ্চত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিলে দেশপ্ৰেমমূলক গীত পৰিৱেশনত ৷ তদুপৰি বিধায়কগৰাকীয়ে বুজালে স্বাধীনতা দিৱসৰ ঐতিহ্য ৷ ৰূপজ্যোতি কুৰ্মীয়ে কন্ঠ নিগৰা দেশপ্ৰেমমূলক গীতত আপ্লুত হৈ পৰে জিলা আয়ুক্তৰ লগতে প্ৰেক্ষাগৃহৰ আসন শুৱনি কৰি থকা বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগতে মঞ্চত উপস্থিত থকাসকল ৷

লগতে পঢ়ক : 78 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে কোন জিলাত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details