পবা সংৰক্ষিত বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - World Tourism Day 2024 - পবা সংৰক্ষিত বনাঞ্চল

🎬 Watch Now: Feature Video

thumbnail
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ধেমাজি জিলাৰ পবা সংৰক্ষিত বনাঞ্চল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 27, 2024 at 7:05 PM IST

1 Min Read
Choose ETV Bharat

জোনাই,২৭ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলখন বিভিন্ন প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ । চিয়াং লালী নদীৰ কাষত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতী, বন ঘৰচীয়া ঘোঁৰা, হৰিণ আদি বিভিন্ন জীৱ-জন্তুৰ বিচৰণৰ লগতে বিভিন্ন সময়ত পৰিভ্ৰমী চৰায়ে প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি তোলে । ইয়াৰ উপৰিও বৰ্ষাৰণ্যৰ ভিতৰত থকা বিভিন্ন নলা-খালসমূহত বিভিন্ন প্ৰজাতিৰ জলচৰ প্ৰাণী আদি উপলব্ধ হয় ।  

আনহাতে পবা সংৰক্ষিত বনাঞ্চলখন বিভিন্ন থলুৱা গছ-বনেৰে আবৃত্ত । তাত থকা থলুৱা গছ বনবোৰৰ বিভিন্ন ঔষধী গুণ থকাৰ বাবে পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণ লাভ কৰিব । আনহাতে পবা সংৰক্ষিত বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত মিচিং জনগোষ্ঠীৰ লোকসকলে চাংঘৰ সাজি বসবাস কৰে । বনাঞ্চলৰ দাঁতি-কাষৰীয়া অঞ্চলত চাংঘৰ সাজি বসবাস কৰা মিচিংসকলৰ চাংঘৰবোৰো পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব । বিশ্ব পৰ্যটন দিৱসৰ দিনা পৰ্যটন বিভাগক পবা সংৰক্ষিত বনাঞ্চলখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমীৰ ।

লগতে পঢ়ক: ৰঙে-ৰূপে ভৰপুৰ মাজুলীয়ে আহিনত হাতবাউলি মাতে পৰ্যটকক - World Tourism Day 2024

মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ এখনৰ পয়ালগা ছবি - World Tourism Day 2024

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সীমা নিৰ্ধাৰণ বাবে তৎপৰতা আৰম্ভ জিলা প্ৰশাসনৰ - Demarcation of Charaideo Maidam

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details