বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰা অমিত শ্বাহ LIVE

🎬 Watch Now: Feature Video

thumbnail
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (ETV Bharat)

By ETV Bharat Assamese Team

Published : March 16, 2025 at 1:03 PM IST

|

Updated : March 16, 2025 at 2:11 PM IST

1 Min Read
Choose ETV Bharat
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত অনুষ্ঠিত সদৌ বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনৰ চতুৰ্থ আৰু অন্তিম দিনাৰ কাৰ্যসূচীত অংশ লয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা এখন ৰাজহুৱা সভা সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । এই কাৰ্যসূচীত অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুৰব্বী প্ৰমোদ বড়োও উপস্থিত থাকে । সন্মিলনত অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা, প্ৰতিযোগিতামূলক অনুষ্ঠান আৰু সংস্থাটোৰ উত্তৰাধিকাৰৰ স্মৃতিচাৰণ অনুষ্ঠিত হ’ব । উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ নিশাৰ ভাগত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকীয়ে । শনিবাৰে দুপৰীয়া দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী প্ৰশিক্ষণ একাডেমী দেশবাসীৰ সেৱাত উৰ্চগা কৰি বিয়লি মিজোৰামলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী ৷ ইয়াৰ পাছত আজি এই কাৰ্যসূচীত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷ আজি নিশা দিল্লীলৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

Last Updated : March 16, 2025 at 2:11 PM IST