কাছাৰৰ লক্ষীপুৰত উদ্ধাৰ মেইটেই মহিলাৰ আৰু এটা মৃতদেহ - MANIPUR JIRIBAM VIOLENCE

🎬 Watch Now: Feature Video

thumbnail
কাছাৰৰ লক্ষীপুৰত উদ্ধাৰ মেইটেই মহিলাৰ মৃতদেহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 18, 2024 at 5:14 PM IST

1 Min Read
Choose ETV Bharat

শিলচৰ: কাছাৰৰ লক্ষীপুৰ সিংগিৰবন্দত উদ্ধাৰ হৈছে আৰু এটা মেইটেই মহিলাৰ মৃতদেহ ৷ সিংগিৰবন্দৰ বৰাক নৈত  উদ্ধাৰ হৈছে এই মৃতদেহটো ৷ মৃতদেহটো জিৰিবামৰ পৰা অপহৃত হোৱা মেইটেই ছয় মহিলা-শিশুৰ ভিতৰৰ এগৰাকীৰ বুলি সন্দেহ কৰা হৈছে  ৷ দেওবাৰে কাছাৰৰ বাশকান্দি চিৰিঘাট আৰু সিংগিৰবন্দৰ অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ হৈছিল আন এগৰাকী মেইটেই মহিলা আৰু শিশুৰ মৃতদেহ ।  

স্থানীয় ৰাইজে মৃতদেহটো  নৈত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য় যে মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ হোৱা ৬ মেইটেই শিশু আৰু মহিলাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে । শুক্ৰবাৰে নিশা অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ পৰা তিনিগৰাকী অপহৃতৰ মৃতদেহ উদ্ধাৰ হৈছিল । আনহাতে, কালি বৰাক নৈৰ পৰা উদ্ধাৰ হয় দুগৰাকীৰ মৃতদেহ । 

লগতে পঢ়ক:অপহৃত মেইটেই শিশুসহ মহিলাক হত্যাৰ প্ৰতিবাদত উত্তাল শিলচৰ

উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details