শনিবাৰে বন্ধ নাথাকে পে'ট্ৰল পাম্প - Petrol pump closed cancelled - OCL

🎬 Watch Now: Feature Video

thumbnail
নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 9:38 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৯ মাৰ্চ: নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীয়ে শনিবাৰে আহ্বান জনোৱা পেট্ৰ'ল পাম্প বন্ধ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্য়াহাৰ কৰা হৈছে । সাময়িকভাৱে ৪৮ ঘণ্টা পেট্ৰ'ল পাম্প বন্ধ ৰখাৰ কাৰ্যসূচী বাতিল কৰাৰ বিষয়ে আজি সদৰী কৰিছে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীৰ বিষয়ববীয়াসকলে ।  

পূৰ্বৰ কাৰ্যসূচী অনুসৰি অহা ৩০ মাৰ্চৰ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিল পুৱা ৫ বজালৈ ৪৮ ঘণ্টা পেট্ৰ'ল পাম্প বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন,গুৱাহাটীয়ে । অ'চিএল, এইচ পি চি এল  আৰু বিপিচিএলৰ সৈতে হোৱা বৈঠকৰ অন্তত সাময়িকভাৱে বন্ধ প্ৰত্যাহাৰ কৰিছে সংগঠনটোৱে । ইপিনে, অহা ১৫ এপ্ৰিললৈকে সময়সীমা বান্ধি দিছে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচন, গুৱাহাটীয়ে । ১৫ এপ্ৰিলৰ পাচত তেওঁলোকৰ দাবী নামানিলে পুনৰ পেট্ৰ'ল পাম্প বন্ধৰ‌ হুংকাৰ দিয়ে এছ'চিয়েচনে । নিৰ্বাচনী আচৰণ বিধিৰ বাবে সাময়িকভাৱে ৪৮ ঘণ্টাৰ বন্ধ প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে নৰ্থ ইষ্ট পেট্ৰ'লিয়াম ডিলাৰ এছ'চিয়েচনে ।

লগতে পঢ়ক:মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা - Pollution In Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details