ৰহা মীন মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন - NATIONAL FISH FARMERS DAY - NATIONAL FISH FARMERS DAY
🎬 Watch Now: Feature Video

Published : July 10, 2024 at 8:04 PM IST
ৰহা, ১০ জুলাই: ৰহা মীন মহাবিদ্যালয়ত বুধবাৰে ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন কৰা হয় । অসম চৰকাৰৰ মীন বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহা মীন মহাবিদ্যালয় আৰু নাবাৰ্ডৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় মীনপালক দিৱস ৷ অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মীন মন্ত্ৰী কেশৱ মহন্ত ।
মন্ত্ৰী মহন্তই মুখ্য অতিথিৰ ভাষণত ৰাজ্যত গুণগত মৎস্য উৎপাদনত (Quality Fish Production) বৰ্তমান অধিক গুৰুত্ব দিয়া হৈছে বুলি মন্তব্য কৰে । অনুষ্ঠানতেই ৰহাৰ তিনিগৰাকী বিশেষ মীনপালকক সম্বৰ্ধনা জনোৱাৰ লগতে মীনপালকসকলৰ মাজত মাছৰ পোনা বিতৰণ কৰা হয় ।
সমগ্ৰ ৰাষ্ট্ৰৰ মৎস্য খেতিয়ক তথা মীন পালকসকলৰ বাবে উৎসৰ্গিত এই ৰাষ্ট্ৰীয় মীন দিৱস অনুষ্ঠানত ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাস, মীন বিভাগৰ সঞ্চালককে ধৰি বিভাগটোৰ বহু উচ্চপদস্থ বিষয়া আৰু শতাধিক মীনপালক উপস্থিত থাকে ।
লগতে পঢ়ক: অসমক মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্য় চৰকাৰৰ: কেশৱ মহন্ত - NATIONAL FISH FARMERS DAY