সুনীতা উইলিয়ামছ-বুচ উইলম’ৰৰ ধৰণীমুখী যাত্ৰা LIVE - SUNITA WILLIAMS RETURN
🎬 Watch Now: Feature Video
সুনীতা উইলিয়ামছ-বুচ উইলম’ৰৰ ধৰণীমুখী যাত্ৰা (ETV Bharat)

Published : March 18, 2025 at 2:44 PM IST
|Updated : March 18, 2025 at 4:44 PM IST
স্পেচএক্স ক্ৰু-৯ মিছনৰ সদস্য নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুচ উইলম’ৰে ৯ মাহৰ পিছত আই এছ এছৰ পৰা পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে ।মহাকাশচাৰী নিক হেগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভো তেওঁলোকৰ লগত স্পেচএক্স ড্ৰেগন মহাকাশযানত থাকিব । প্ৰায় ৯ মাহ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা এই দুগৰাকী মহাকাশচাৰীৰ বাবে সমগ্ৰ বিশ্বই অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছে । নাছাৰ তথ্য অনুসৰি সুনীতা উইলিয়ামছ আৰু আন তিনিজন মহাকাশচাৰীক লৈ অহা মহাকাশযানখনে কেইঘণ্টামানৰ ভিতৰতে আই এছ এছৰ পৰা পৃথক হৈ আমেৰিকাৰ সময় অনুসৰি মঙলবাৰে সন্ধিয়া ৫:৫৭ বজাত (ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৩:২৭ বজাত) ফ্ল’ৰিডাৰ সমীপৰ সাগৰত অৱতৰণ কৰিব । নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্স ক্ৰু-৯ পৃথিৱীলৈ ঘূৰি অহাৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছে ।

Last Updated : March 18, 2025 at 4:44 PM IST