বৰপথাৰ টেঙানীৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, শোকত ভাঙি পৰিছে মাতৃ - Two students missing in Golaghat - TWO STUDENTS MISSING IN GOLAGHAT
🎬 Watch Now: Feature Video

Published : July 31, 2024 at 10:30 PM IST
সৰুপথাৰ,৩১ জুলাই: গোলাঘাট জিলাৰ বৰপথাৰ টেঙানী পাঁচঘৰীয়া পৰা দুগৰাকী ছাত্রী সন্ধানহীন । দুগৰাকী ১৮ বছৰীয়া ছাত্ৰীৰ নিৰুদ্দেশক লৈ এইখন অসমতে পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । দেওবাৰৰ পৰাই সন্ধানহীন দুই ছাত্ৰী । দেওবাৰে বান্ধবীৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰ পৰা বৰ্তমানলৈকে ঘূৰি অহা নাই লাকী বৰা আৰু মমী গগৈ নামৰ দুই যুৱতী । এয়া নিৰুদ্দেশ নে অপহৰণ তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা ।
মাতৃৰ ভাষ্য অনুসৰি বান্ধৱীৰ ঘৰলৈ যাও বুলি কৈ গৈছিল দুয়োগৰাকীয়ে । ইফালে বান্ধৱীৰ ঘৰত ফোন কৰাত ৰিচিভ নকৰি ব্লক কৰি দিয়া বুলি উল্লেখ কৰে লাকী বৰাৰ মাতৃয়ে । উল্লেখ্য যে প্ৰথমে লাকী বৰা সন্ধানহীন হোৱাৰ পিচত নিশা মমী গগৈ সন্ধানহীন হোৱাৰ ঘটনা সন্দেহৰ আৱৰ্তত । লাকী বৰাৰ মাতৃয়ে কাতৰ অনুৰোধ জনাই কয়,"সোণ তই য'তে আছ সোনকালে ঘৰলৈ ঘূৰি আহ ।" ছাত্ৰী দুগৰাকীৰ সন্ধান বিচাৰি পৰিয়ালে বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ছাত্রী দুগৰাকীৰ বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই । যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্রী দুগৰাকী সম্ভেদ পাই তেন্তে 9101382545 আৰু 6003226781 এই নম্বৰ দুটাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।