শোৱাপাটিতে অগ্নিদগ্ধ হৈ মৃত্যু 100 বছৰীয়া বৃদ্ধাৰ; চাঞ্চল্য অব্যাহত - woman burnt alive

🎬 Watch Now: Feature Video

thumbnail
শোৱাপাটিতে অগ্নিদগ্ধ হৈ মৃত্যু 100 বছৰীয়া বৃদ্ধাৰ (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 1:54 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ, 12 ফেব্ৰুৱাৰী: বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰত দেওবাৰৰ নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নিজ কোঠাৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু হ'ল এগৰাকী এশ বছৰীয়া বৃদ্ধাৰ ৷ শান্তিপুৰৰ 5 নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ 

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে কোঠাৰ ভিতৰত হঠাতে ধোঁৱা দেখিবলৈ পোৱাত পৰিয়ালৰ লোকৰ মাজত হৈ চৈ লাগে ৷ কোঠাৰ ভিতৰলৈ সোমাই গৈ বৃদ্ধাগৰাকীক অগ্নিদগ্ধ অৱস্থাত প্ৰত্যক্ষ কৰে পৰিয়ালে । পানী আনি জুই নিৰ্বাপনৰ চেষ্টা কৰা হয় যদিও ইতিমধ্যে বৃদ্ধাগৰাকীৰ মৃত্যু ঘটিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ 

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বৃদ্ধাগৰাকীয়ে মাজে-সময়ে ভ্ৰম বকে । কোঠাৰ ভিতৰত অকলশৰীয়া অৱস্থাত থকা বৃদ্ধাগৰাকী জ্বলি যোৱা ঘটনাটোত আৰক্ষীয়ে ৰহস্যৰ গোন্ধ পাইছে ৷ ঘটনা সংঘটিত হোৱা কোঠাটো আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ছীল কৰিছে  ৷ আৰক্ষীৰ তদন্তৰ পিচতহে এইয়া হত্যা নে দুৰ্ঘটনা স্পষ্ট হ'ব ।

লগতে পঢ়ক: বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details