মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক - TENSE SITUATION AT NOONMATI - KAMRUP METRO

🎬 Watch Now: Feature Video

thumbnail
মন্দিৰৰ সমীপৰে গো-মাংস কঢ়িওৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইছলাম ধৰ্মাৱলম্বী যুৱক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 13, 2024 at 7:00 AM IST

|

Updated : August 13, 2024 at 9:01 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 13 আগষ্ট: সোমবাৰৰ সন্ধিয়া উত্তপ্ত পৰিস্থিতি মহানগৰীৰ নাৰেংগীৰ বীৰকুছিত ৷ নিশা প্ৰায় 8.30 মান বজাত মন্দিৰৰ ভিতৰত এজন যুৱকে গো-মাংস ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । 

জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় 8.30 মান বজাত বীৰকুছিত নিৰ্মাণৰত এটা অট্টালিকাৰ শ্ৰমিক হিচাপে নিয়োজিত এজন ইছলাম ধৰ্মাৱলম্বী যুৱকে ছয়মাইলৰ পৰা ক্ৰয় কৰি আনিছিল গো-মাংস । যুৱকজনে মাংসখিনি লৈ নাৰেংগীৰ ৰে’ল আলি পাৰ হৈ বীৰকুছি অভিমুখে আহি থকাৰ সময়তে ৰে’ল লাইনৰ গাতে লাগি থকা শিৱ মন্দিৰৰ সমীপত কেইজনমান বন্ধুক লগ পায় ।

বন্ধু কেইজনৰ সৈতে কথা পাতি থাকোতে বজৰং দলৰ কেইজনমান সদস্যই যুৱকজনে হাতত থকা পলিথিনটোৰ ভিতৰত গো-মাংস অনাটো ধৰা পেলায় । ইয়াকে লৈ অঞ্চলজুৰি সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ ৷ 

স্থানীয় একাংশ উত্তেজিত লোকে ইছলাম ধৰ্মাৱলম্বী যুৱকজনৰ হাত-ভৰিত ৰচীৰে বান্ধি মন্দিৰৰ সমীপৰে কিয় গো-মাংস কঢ়িয়াব, বুলি প্ৰশ্ন উত্থাপন কৰি উত্তম-মাধ্যম শোধায় । 

পৰৱৰ্তী সময়ত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হামিদুল হক নামৰ শ্ৰমিকজনক ৷

লগতে পঢ়ক: ডবকাত আৰক্ষীৰ গুলীত আহত গো-মাংস ব্যৱসায়ী, আটক ৭ - Encounter in Doboka

জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

Last Updated : August 13, 2024 at 9:01 AM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details