মই দলৰ তুলাচনীত উঠিব নোৱাৰিলো, তথাপিও আক্ষেপ নাই: হৰেণছিং বে' - BJP Candidate Assam Lok Sabha

🎬 Watch Now: Feature Video

thumbnail
সাংসদ হৰেণ ছিং বে'ৰ সংবাদমেল (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 6:29 PM IST

1 Min Read
Choose ETV Bharat

ডিফু, ৬ মাৰ্চ: তিনিখন পাৰ্বত্য জিলাৰ একমাত্ৰ জনজাতীয় সংসদীয় সমষ্টি ডিফুৰ পৰা দলীয় প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হ’ল সাংসদ হৰেণছিং বে' ৷ বিজেপিৰ টিকট ঘোষণাৰ পিচত মঙলবাৰে ডিফুত সাংবাদিকৰ সৈতে মুখামুখি হয় সাংসদগৰাকী ৷

কাৰ্বি আংলং জিলা বিজেপি সভাপতি ৰলেণ্ড কিলিং উপস্থিত থকা সংবাদমেলত সাংসদ বে'য়ে কয়, ‘‘এয়াই হ’ল বিজেপি দল ৷ যিটো দলে যিকোনো সিদ্ধান্তৰে সকলোকে আচম্বিত কৰিব পাৰে ৷ দলৰ গুড বুকৰ তুলাচনীত মই স্থান নাপালো, হয়তো মই দলৰ বাবে প্ৰত্যাশিতভাবে কাম কৰিব নোৱাৰিলো ৷ যাৰ ফলত মই টিকটৰ পৰা বঞ্চিত হ’লো ৷  ইয়াৰ বাবে মোৰ কোনো আক্ষেপ নাই ৷ মই দলৰ হৈ নিষ্ঠাসহকাৰে কাম কৰি যাম ৷’’

সাংসদগৰাকী কয়, ‘‘২০১৯ চনত সমগ্ৰ অসমৰ ভিতৰত মই সৰ্বাধিক শতাংশ ভোটেৰে বিজয়ী হৈ আহিছিলো ৷ এইবাৰ দলে অমৰছিং তিচ'ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ দলৰ এই সিদ্ধান্তক মই স্বাগতম জনাইছোঁ ৷ অমৰছিং তিচ'ক তিনি লাখৰো অধিক ভোটত বিজয়ী কৰি অনাটোৱেই আমাৰ প্ৰধান লক্ষ্য ৷’’

লগতে পঢ়ক: প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ সন্তুষ্ট নহয় লখিমপুৰবাসী !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details