ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাটো মুখ্যমন্ত্ৰীয়ে বেছি গুৰুত্ব দিয়া নাই : গৌৰৱ গগৈ - MP RAKIBUL HUSSAIN ATTACK

🎬 Watch Now: Feature Video

thumbnail
ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাটো মুখ্যমন্ত্ৰীয়ে বেছি গুৰুত্ব দিয়া নাই : গৌৰৱ গগৈ (ETV Bharat)

By ETV Bharat Assamese Team

Published : February 21, 2025 at 7:43 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী : ‘‘ৰাজপথত এনেদৰে ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰৰ ওপৰত হোৱা আক্ৰমণ অতি দুৰ্ভাগ্যজনক । এই আক্ৰমণকাৰীয়ে পুলিচৰ কৰ্মচাৰী ওপৰতো হাত উঠোৱাৰ লগতে পুলিচৰ বন্দুক কাঢ়ি ল’বলৈ চেষ্টা চলাইছিল যিটো অত্যন্ত ভয়ংকৰ কথা । মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই ঘটনাটোৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া নাই । গৃহ বিভাগ ব্যৰ্থ হৈছে ৷’’ এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷

কংগ্ৰেছৰ সাংসদগৰাকীক সুৰক্ষা নিদিলেও নিজৰ গৃহ বিভাগৰ আৰক্ষীক, সেই সময়ত স্থানীয় যিসকল ৰাইজ বজাৰত আছিল সেইসকলক সুৰক্ষা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ আছে । এই ঘটনাৰ লগত জড়িতসকলক যদি অসম পুলিচে ধৰিব নোৱাৰে, তেতিয়া বিভিন্ন দুৰ্নীতিৰ লগত জড়িতসকলে দুৰ্নীতি কৰিবলৈ বেছি উৎসাহে পাব ৷’’ বৃহস্পতিবাৰে বিয়লি মাজুলীত উপস্থিত হৈ নগাঁৱৰ ৰাজপথত ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক : সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনা: ব্যাপক প্ৰতিক্ৰিয়া

লগতে পঢ়ক : মোক জীৱন্তে মাৰি পেলাব বিচাৰিছে : ৰকিবুল হুছেইন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details