মাজুলীত নিৰ্বাচনী ৰণডংকা সাংসদ গৌৰৱ গগৈৰ - Gaurav Gogoi in Majuli
🎬 Watch Now: Feature Video

Published : March 20, 2024 at 8:34 PM IST
মাজুলী, 20 মাৰ্চ : লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন ৷ দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে মাজুলীত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ । মঙলবাৰে দিনৰ ভাগত গগৈয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্রহণ কৰাৰ আজি পুৱাৰ ভাগতে মাজুলীৰ পটিয়া গাৱঁৰ শিৱ মন্দিৰত সেৱা লয় কংগ্ৰেছৰ নেতাগৰাকীয়ে । ইয়াৰ পিচতে আজিৰ দিনটোত তেওঁ দুখনকৈ ৰাজহুৱা সভাত অংশগ্রহণ কৰে ৷
ইফালে, প্ৰতিকূল বতৰকো নেওচি গৌৰৱ গগৈৰ জনসভাত বিপুল সংখ্যক লোকে অংশগ্রহণ কৰে । হাতত ছাতি লৈ গৌৰৱ গগৈৰ জনসভাত অংশগ্ৰহণ কৰে সাধাৰণ ভোটাৰ ৰাইজে । মিচিং গোমৰাং নৃত্যৰে লোহিত খাবলুবাসীয়ে আদৰণি জনায় গৌৰৱ গগৈক ।
এই জনসভাত কংগ্রেছ নেতা গৌৰৱ গগৈয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে, যদি যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হয় তেন্তে লোহিত খাবলুবাসীৰ সমস্যাসমূহ সামাধান কৰাৰ লগতে লোহিত খাবলুৰ কথা সদনত উলিয়াব । লোহিত খাবলুবাসীয়ে তেওঁক যি মৰম দিলে তাৰ বাবে ধন্যবাদ জনায় কংগ্রেছী নেতাগৰাকীয়ে ।
লগতে পঢ়ক: ছোনিয়া গান্ধীক সাক্ষাতৰ পিচতে পদত্যাগ পত্ৰ উঠাই ল'লে আব্দুল খালেকে