যোৰহাট লোকসভা সমষ্টিত জিকিব বুলি আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈ - Jorhat Lok sabha constituency

🎬 Watch Now: Feature Video

thumbnail
আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 6:54 AM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 17 মাৰ্চ: যোৰহাট লোকসভা সমষ্টিত জোৰদাৰ নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে । দেওবাৰে নিশাৰ ভাগত মৰিয়নী সমষ্টিত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে চেলেংহাটত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত উপস্থিত থাকে সাংসদগৰাকী ৷ আনহাতে, প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ দিন 19 এপ্ৰিলত ঘোষণা কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । 

উজনি অসমত নিৰ্বাচন বিহুৰ আগতে হ'ব লাগিছিল বুলি উল্লেখ কৰি সংসদগৰাকীয়ে কয়, "উজনি অসমত সদায় নিৰ্বাচন বিহুৰ আগতেই অনুষ্ঠিত হয় ৷ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব দিব লাগিছিল । কিন্তু ৰাজ্য চৰকাৰে অসমীয়াৰ আৱেগ আৰু অনুভূতি বুজি নাপালে । অসমীয়াৰ আৱেগ-অনুভূতি বুজি নোপোৱা বিজেপি চৰকাৰক ইয়াৰ উচিত প্ৰতুত্তৰ নৱপ্ৰজন্মই দিব ।"

সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত তেওঁ জিকিবই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক: বিহুৰ পিচতেই ভোটযুদ্ধ: অসমত তিনিটা পৰ্যায়ত ক’ত কেতিয়া নিৰ্বাচন ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details