লোকসভা নিৰ্বাচনলৈ কিছুদিন; ছেল্ফি ডে’ পালিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in Teok

🎬 Watch Now: Feature Video

thumbnail
লোকসভা নিৰ্বাচনলৈ কিছুদিন; চেল্ফি ডে’ পালিলে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে (undefined)

By ETV Bharat Assamese Team

Published : March 25, 2024 at 9:34 AM IST

|

Updated : March 25, 2024 at 10:23 AM IST

1 Min Read
Choose ETV Bharat

টীয়ক, 25 মাৰ্চ : দেওবাৰে টীয়কৰ নামচেচু ৰাধাকৃষ্ণ মন্দিৰত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৷ বিয়লি মন্দিৰত উপস্থিত হৈ নেদেখাজনৰ চৰণত সেৱা লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে গগৈয়ে । লগতে কংগ্ৰেছ চৰকাৰ আহিলে ৰাইজৰ সকলো সমস্যা সমাধানৰ পথ মুকলি হ’ব বুলিও আশ্বাস প্ৰদান কৰে ।

ইপিনে দেওবাৰৰ দিনটোত ৰাইজৰ মৰমৰ মাজত থাকি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ কৰাতকৈ ছেল্ফি দিন হিচাপেহে উদযাপন কৰিছে বুলি মন্তব্য কৰে। সংবাদ মাধ্যমত প্ৰায়ে শিৰোনাম দখল কৰা বৃহত্তৰ নামচেচু অঞ্চলৰ ৰাইজৰ খোৱাপানীৰ অভাৱ তথা দিনে-নিশাই শ শ ৰাইজ মাত্ৰ নাদৰ পানীৰ ওপৰত ভৰষা কৰিবলগীয়া দৃশ্য প্ৰত্যক্ষ কৰি শীঘ্ৰে এই মৌলিক সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে ।

পৰিৱৰ্তন নহয়, ৰূপান্তৰৰ স্বাৰ্থত নৱপ্ৰজন্মই তথা ৰাইজে তেওঁক ভোট প্ৰদান কৰিব বুলি উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে । উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লবী গগৈ, যুৱ নেতা লোহিত কোঁৱৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰাইজ মৰম আৰু আবেগ বিজেপিয়ে সলনি কৰিব নোৱাৰে- গৌৰৱ গগৈ - GAURAV GOGOI ELECTION CAMPAIGN

Last Updated : March 25, 2024 at 10:23 AM IST