thumbnail

যৌতুকৰ বাবেই হত্যাৰ অভিযোগ, স্বামীৰ পৰিয়ালৰ মতে এয়া আত্মহত্যা - Charges of Murder for Dowry

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 10:20 PM IST

কলগাছিয়া,১৬ ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ অভিযোগ ৷ এইবাৰ ঘটনাৰ স্থান বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাৰাকান্দি গাঁও । স্বামীয়ে যৌতুকৰ দাবীত পত্নী তথা দুই সন্তানৰ মাতৃৰ ওপৰত দীৰ্ঘদিনৰে পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷

কান্দুলীয়া গাঁৱৰ আব্দুছ ছবুৰৰ জীয়ৰী স্বাহিনুৰ আখটাক ৯ বছৰ পূৰ্বে তাৰাকান্দি গাঁৱৰ আব্দুল মজিদৰ পুত্ৰ মোজ্জাম্মেল হকৰ লগত বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিগত এবছৰ ধৰি স্বামী মোজ্জাম্মেল হকৰ লগতে পৰিয়ালৰ লোকে বোৱাৰী শ্বাহিনুৰ আখটাৰক যৌতুকৰ দাবীত অকথ্য নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ তদুপৰি তিনিদিন ধৰি মহিলাগৰাকীৰ ওপৰত মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে পিতৃৰ পৰিয়ালে ।

ইয়াৰ পিচতে স্বামী গৃহৰ লোকে দুই সন্তানৰ মাতৃ শ্বাহিনুৰ আখটাৰে চীপ লৈ আত্মহত্যা কৰা বুলি পিতৃগৃহত খবৰ দিয়ে । পিছে পিতৃ পৰিয়ালৰ লোকে উক্ত ঘৰত উপস্থিত হৈ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ লগতে ঘৰখনত এক উত্তপ্ত পৰিস্থিতিত সৃষ্টি কৰে ৷ ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে হত্যাৰ অভিযোগত অভিযুক্ত স্বামী মোজ্জাম্মেল হকক আৰক্ষীয়ে থানালৈ লৈ যায় ।

লগতে পঢ়ক : ডাইনী সন্দেহত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যক হত্যা

ইমান পাষাণ কেনেকৈ হ’ব পাৰে এজন পিতৃ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.