জোনাইত এসপ্তাহে কৃত্ৰিম বানত আৱদ্ধ কুৰিটা পৰিয়াল - Flash Flood in Jonai - কৃত্ৰিম বান

🎬 Watch Now: Feature Video

thumbnail
কৃত্ৰিম বানত আৱদ্ধ কুৰিটা পৰিয়াল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2024 at 4:44 PM IST

1 Min Read
Choose ETV Bharat

জোনাই,৭ জুলাই: জোনাইৰ বিভিন্ন অঞ্চলত সংহাৰী বানে প্লাবিত কৰাৰ মাজতে প্ৰায় সপ্তাহ দিন ধৰি কৃত্ৰিম বানত আৱদ্ধ হৈ আছে জোনাইৰ বেৰা চাপৰি অঞ্চলৰ তাৰি মাজগাঁৱৰ বিশটাতকৈও অধিক পৰিয়াল । খোৱাপানীৰ লগতে বিভিন্ন খাদ্য সমস্যাত ভুগিছে কৃত্ৰিম বানত আৱদ্ধ হোৱা পৰিয়ালকেইটাই । তাৰ সমান্তৰালভাৱে আৱদ্ধ হোৱা লেতেৰা পানীয়ে কণ কণ শিশুসকলৰ লগতে অঞ্চলটোৰ বহু ব্যক্তিয়ে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।  

ইফালে ঘৰৰ ভিতৰলৈকে একাঠুলৈ পানী হোৱাত নিশা উজাগৰে থকাৰ লগতে টেবুল অথবা চাং সাজি খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছে । গাঁৱখনত চাৰিও দিশে নিৰ্মাণ কৰা মথাউৰিটো কোনো পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ বাবেই বিগত কেইবছৰ পৰা এইদৰে কৃত্ৰিম বানৰ কবলত পৰিবলগীয়া বুলি জানিবলৈ দিয়ে গাঁৱখনৰ ভুক্তভোগী ৰাইজে । 

লগতে পঢ়ক: কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ : ব্যস্ত ৰাজপথত চলিল নাও - Assam Flood 2024

দুৰ্যোগৰ আন এক নাম গুৱাহাটী : এতিয়াও উদ্ধাৰ হোৱা নাই নলাত পৰি উটি যোৱা শিশু - Flash Flood in Guwahati

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details