একলাখ মাটিৰ চাকি জ্বলাই বশিষ্ঠাশ্ৰমত ৰামৰ আৰাধনা - Basistha Temple Guwahati
🎬 Watch Now: Feature Video


Published : January 22, 2024 at 9:42 PM IST
গুৱাহাটী ২২ জানুৱাৰী: অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল শ্ৰী ৰামচন্দ্ৰৰ । সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আজিৰ এই দিনটোলৈ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে কৰা হ’ল প্ৰাণ প্ৰতিষ্ঠা । ইয়াকে লৈ সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে । সমান্তৰালকৈ মহানগৰীৰ বশিষ্ঠাশ্ৰম দেৱালয়তো অনুস্থিত কৰা হৈছে বিশেষ কাৰ্যসূচী । এক লাখ চাকি জ্বলাই উদযাপন কৰা হ’ল ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এই বিশেষ দিনটো । বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি তথা বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰজ্বলন কৰা হয় এক লাখ চাকি । প্ৰজ্বলন কৰা চাকিৰে অংকন কৰা হয় শ্ৰী ৰামক । লগতে জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ বশিষ্ঠাশ্ৰম দেৱালয় চৌহদ ।