বাটতে যেন কালে খাপ পিটি ৰৈছিল টানি নিবলৈ ! - শংকৰদেৱ বিশ্ববিদ্য়ালয়

🎬 Watch Now: Feature Video

thumbnail
চলচলিত অৱস্থিত শংকৰদেৱ বিশ্ববিদ্য়ালয়ৰ সন্মুখত দুৰ্ঘটনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : January 7, 2025 at 12:49 PM IST

1 Min Read
Choose ETV Bharat

ধিং: নগাঁৱৰ চলচলিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । লংকাৰ নখুটিৰ পৰা উভতিছিল দম্পতী । পেছাত দুয়োগৰাকীয়ে অধ্যাপক-অধ্যাপিকা । নিজা ঘৰলৈ উভতি আহিছিল লংকাৰ পৰা । পিছে বাটতেই যেন ৰৈ আছিল মৃত্য়ুদূত ।

মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ৰেহেনা জেছমিনৰ সোমবাৰে বিয়লি চাৰিমান বজাত এক পথ দুৰ্ঘটনাত মৃত্যু হয় । হোজাই জিলাৰ লংকাৰ নখুটিৰ পৰা মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীয়ে স্বামী চামছুদ্দিন মজুমদাৰৰ সৈতে নিজা গাড়ীৰে মৈৰাবাৰীৰ ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে এজোপা গছত খুন্দিওৱাত দুয়োগৰাকী আহত হয় ।

নগাঁৱৰ চলচলিত অৱস্থিত শংকৰদেৱ বিশ্ববিদ্য়ালয়ৰ সন্মুখত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় ৰাইজে ততাতৈয়াকৈ স্বামী-স্ত্ৰী দুয়োকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অধ্যাপিকা ৰেহেনা জেছমিন (৫৫)ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । মৃত্যুৰ সময়ত অধ্যাপিকাগৰাকীয়ে স্বামীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আৰু অসংখ্য গুণমুগ্ধ এৰি যায় । অধ্যাপিকাগৰাকীয়ে চাকৰিৰ লগতে বিভিন্ন সামাজিক কামতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । 

লগতে পঢ়ক:মহানগৰীত পথ দুৰ্ঘটনাত মৃত্যু বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি - GUWAHATI ROAD ACCIDENT

সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা: সংকটজনক আন এগৰাকী - SARUPATHAR ROAD ACCIDENT

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details